সমললৈ যাওক

পৃষ্ঠা:উজু-মৌখিক.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

উজু-মৌখিক
প্ৰথম অধ্যায়
প্ৰথম পাঠ
১। যোগ—অমিশ্ৰ
১ম উদাহৰণ

 ৪৯ + ৮ = কিমান?

 ৪৯ + ১০ = ৫৯; ৪৯ + ৮ = ৫৯ − ২ = ৫৭;

 ( ৪৯ৰ লগত ১০ যোগ দিবলৈ উজু; কিন্তু ৮ৰ লগত ২ যোগ দিলেহে ১০ হয়। )

 সেই দেখি ৪৯ৰ লগত ১০ যোগ কৰি ২ বাদ দিলে যি হব, ৪৯ৰ লগত ৮ যোগ দিলেও সেয়ে হব।

 প্ৰশ্ন—কিমান হয় কোৱাঁ :—

 ৫৯+৮; ১৪৯+৮; ৩৭৯+৭; ২৫৯+৮ ।

২য় উদাহৰণ

 ১৭৮ + ৯৯ = কিমান?

 কিন্তু  ১৭৮ + ১০০ = ২৭৮;

 এতেকে ১৭৮ + ৯৯ = ২৭৮ − ১ = ২৭৭ ।