এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭
শুভঙ্কৰী
৬। এমোনৰ বেচৰ পৰা ৴৫ সেৰ বা এদোন বা
এধাৰাৰ বেচ উলিয়াবৰ নিয়ম।
১৴ = ৪০ সেৰ; ৪০ ÷ ৫ = ৮ ।
এতেকে—
এমোনৰ বেচ ১৲ টকা হলে এধাৰাৰ বেচ ১৲ ÷৮=৵৹
” ” ৴৹ অনা ” ” ৴৹÷৮=৻২॥
” ” ৻১ গণ্ডা ” ” ৻১÷৮=৻৵
” ” ৻৷ অনা ” ” ৻৷÷৮=৻৻১৹
আৰ্য্যা
মোনত কৰ টকা যিমান,
দোনত লবা দুঅনা সিমান।
অনাত দহ কড়াকৈ লবা,
গণ্ডাই প্ৰতি দুকাক থবা।
কড়াই প্ৰতি দহ তিল পৰে।
দোনৰ দাম ইদৰে ধৰে।
প্ৰশ্ন
১। এমোনৰ বেচ ২৷৶৹ অনা হলে, ৴৫ সেৰৰ বেচ কিমান?
২। ” ” ২৫৷৴১২ গণ্ডা ” ” ” ” ” ?
৩। ” ” ১২॥৴১০ গণ্ডা ” ” ” ” ” ?
৪। তিনি ” ” ২১॥৴৹ অনা ” ” ” ” ” ?
৫। দুমোনৰ বেচ ১১৸৴৬ গণ্ডা ৴৭॥ ” ” ” ” ?