সমললৈ যাওক

পৃষ্ঠা:উজু-মৌখিক.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩
শুভঙ্কৰী


 চাবলগীয়া এমোনৰ দাম যিমান টকা বুলি কব, তাৰ এককৰ ঘৰৰপৰা সোঁহাতৰ অঙ্কখিনি বাদ দি, বাওঁ হাতে থকা বাকী অঙ্কখিনি সিকি বুলি ধৰিব লাগে।

 যেনে:—এমোনৰ বেচ ২৪৫।৴১০ গণ্ডা, এসেৰৰ বেচ কিমান?

 এতিয়া এককৰ ঘৰৰপৰা সোঁফালে থকা অঙ্কবোৰ এৰি দিলত, বাওঁফালে ২৪ থাকিল। এই ২৪ ক ২৪ সিকি বুলি ধৰিব লাগে।

 বাকী ৫৷৴১০ গণ্ডাৰ, আৰ্য্যাৰ নিয়মেৰে উলিয়াব লাগে।

প্ৰশ্ন

 ১। এমোনৰ বেচ ৩।৵৹ অনা হলে, এসেৰৰ বেচ কিমান?

 ২।  ” ১৫৷৹     ”?

 ৩।  ” ২৪৷৵১৭॥ কড়া হলে, এসেৰৰ বেচ কিমান?

 ৪।  ” ৫৩৸১৫      ”?

 ৫। ১২৷৵৹ অনাত তিনি মোন লোণ পালে, ৴৪ সেৰৰ বেচ কিমান হব?

 ৬। ১২০ জন কুলিয়ে এদিন কাম কৰি ১২॥৴১২ গণ্ডা পালে, ২ জন কুলিয়ে এদিন কাম কৰি কিমান পাব?

 ৩। সেৰৰ দামৰপৰা ছটাকৰ দাম উলিয়াবৰ নিয়ম।

৴১ = ১৬ ছটাক।

 এসেৰৰ দাম ১৲ টকা হলে ১ ছটাকৰ দাম ১৲ ÷ ১৬=৴৹

  ” ।৹ অনা   ” ৷৹÷১৬=৻৫

  ” ৴৹ অনা   ” ৴৹÷১৬=৻১৷

  ” ৻১ গণ্ডা   ” ৻১÷১৬=৻৴

  ” ৻৷ কড়া   ” ৻৷÷১৬=৻৻৫