সমললৈ যাওক

পৃষ্ঠা:উজু-মৌখিক.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০
উজু-মৌখিক


 ১৯। ৫ জনে ৴২॥ সেৰ চাউল খালে, ৷৫ সেৰ চাউল খাবলৈ কিমান মানুহ লাগিব?

 ২০। ৪০টা আমৰ বেচ ২॥৹ টকা হলে, ১০ টকাত কিমান আম পাম?

 ২১। ২॥৹ টকাত ৭ টা শঙ্খ পালে, ৩২॥৹ টকাত কিমান শঙ্খ পোৱা হব?

 ২২। ৵৬ অনাত এটা মাটি কলহ পালে, ১৫ টা মাটি কলহৰ বেচ কিমান হব?

 ২৩। এজন কুলিৰ দৈনিক হাজিৰা ॥৵৹ অনা, ১২৫ জন কুলিৰ এদিনৰ হাজিৰা কিমান?

 ২৪। এদিন কাম কৰি ৭ জন লৰাই ২॥৹ টকা পায়, ৭০০ জন লৰাই এদিন কাম কৰি কিমান পাব?

 ২৫। (ক) ২৭॥ আৰু ১৪৸ ই কিমান?
  (খ) ২১২ আৰু ৩৪ এ কিমান?
  (গ) ৪২। ৰপৰা ২৩৷ গলে কিমান থাকে?

 ২২। এটা লৰাৰ নটা মোনা,
  মোনাই প্ৰতি ন ন অনা।
  অনাত পালে নটাকৈ কল,
  কলে মোনাই কেইটা হল।