সমললৈ যাওক

পৃষ্ঠা:উজু-মৌখিক.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮
উজু-মৌখিক

৪ৰ্থ উদাহৰণ

 ১৩॥৹ ৰপৰা পৌণে ছয় গলে কিমান থাকে?

 ১৩॥৹ৰ পৰা ৬ বাদ দিলে যি থাকে, তাৰ লগত এসিকি যোগ দিয়া;

 ১৩| ০ – ৬ = ৭॥ ০; 9 | + 10 = 9५०

 প্ৰশ্ন—কিমান হয় কোৱাঁ :—

 (ক) ২২॥৹ – ৬৸৹;  (খ)৪৩॥৹ − ৩৹৸৹

 (গ) ৭৩॥৹ – ৬०৸৹;  (ঘ)৯২॥० −৭২৸৹

সানমিহলি প্ৰশ্ন

(সিকীয়া, পোণীয়া, চোৱা, ডেৰীয়া আৰু
আঢ়ৈয়াৰ নিয়মেৰে উলিয়াবা )

 ১। ৫, ৭, ৯, ১১, ১৩ আৰু ১৬ সিকীয়াই কিমান?

 ২। ৭, ৯, ৮, ১২, ১৪, ১৫ আৰু ১৮ পৌণীয়াই কিমান?

 ৩। ৮, ৫, ১১, ১৩, ১২, ১৪ আৰু ১৫ আঢ়ৈয়াই কিমান?

 ৪। এক পইচাত ৪টা কল পালে, ১৪টা কল কিনিবলৈ কিমান পইচা লাগিব?

 ৫। মই এসাজত তিনি পোৱাকৈ চাউল খাওঁ; তেৰ সাজত কেইসেৰ চাউল লাগিব?

 ৬। এবেগেতত এখন ৰুমাল হলে, ১৫ খন ৰুমাল কৰিবলৈ কেই গজ কাপোৰ লাগিব?