এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
উজু-মৌখিক
৫ম পাঠ
৫। আঢ়ৈয়া বা ২॥ টা
১ম উদাহৰণ
৮ আঢ়ৈয়াই কিমান?
৮×২॥=১৬+৮ আধা = ১৬+৪=২০;
বা—
৮ সিকীয়াই ২; ২ x ১০ = ২০।
২য় উদাহৰণ
১৩ আঢ়ৈয়াই কিমান?
১২ সিকিয়াই ৩; ৩x১০=৩;
৩০+২॥ ( এক আঢ়ৈয়া ) = ৩২॥ ।
প্ৰশ্ন
১। ১৭, ২৪, ৪৩, ৭২ আৰু ৮৩ আঢ়ৈয়াই কিমান?
২। এখন ধুতিৰ দাম ২॥০ টকা হলে, ৫০ খন ধুতিৰ দাম কিমান?
৩। ২॥৹ টকাত ৩ খন কিতাপ পালে, ৩০০ খন কিতাপৰ মূল্য কিমান?
৪। ৵৬ পাইত এটা মাটি কলহ পালে, ৭২ টা কলহৰ দাম কিমান হব?
৫। তিনিটা আমত ৵৬ পাই হিচাবে ২৪ টা আম, জোৰাত ২০ টকা হিচাবে ২০ খন ধুতি কিনিবলে কিমান খৰচ পৰিব?
⸻