এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১
সানমিহলি প্ৰশ্ন
৫ম পাঠ
৫। সানমিহলি প্ৰশ্ন
১ম উদাহৰণ
দুটা সংখ্যাৰ যোগফল ৫৯; আৰু বিয়োগফল ১৯; সংখ্যা দুটা কি
৫৯+১৯= ৭৮; ৭৮÷২=৩৯;
৫৯ - ১৯ = ৪০; ৪০÷২ = ২০;
এতেকে এটা সংখ্যা ৩৯, আৰু আনটো ২০।
প্ৰশ্ন
(ক) দুডাল পেন্চিলৰ দীঘ ১৪ আঙ্গুল; এডাল আন ডালতকৈ ২ আঙ্গুল চুটি; পেন্চিল দুডাল কিমান কিমান দীঘল আছিল?
(খ) দুডাল বাঁহ জোখাত মুঠতে ৫২ হাত হল। এডাল বাঁহ আন ডালতকৈ ১২ হাত বেছি দীঘল; বাঁহ দুডাল কিমান কিমান হাত দীঘল আছিল?
(গ) দুটা ৰাশিৰ যোগফল ৬৪, বিয়োগফল ১৪; ৰাশি দুটা কি কি?
(ঘ) দুটা সংখ্যাৰ সমষ্টি ৭৬, আৰু বিয়োগফল ১২, সংখ্যা দুটা কি কি?
২য় উদাহৰণ
দুডোখৰ বাঁহৰ দীঘৰ সমষ্টি ৩০ হাত; এডোখৰ আন ডোখৰতকৈ ৪ গুণ দীঘল হলে, বাঁহ দুডোখৰৰ প্ৰত্যেকৰ দীঘ কিমান?
৪ + ১ = ৫; ৩০ ÷ ৫ = ৬ হাত চুটি ডোখৰ।
৬ × ৪ = ২৪ হাত দীঘল ডোখৰ।