পৃষ্ঠা:উজুপাঠ- বলদেৱ মহন্ত.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূৰ্খৰ খেদ ।

পূৰ্ব্বজন্মে দান পুণ্য, বহুত কৰিলে;
সেই হেতু শ্ৰেষ্ঠ ঘৰে, জনম ধৰিলে।
নানা কষ্ট সহ্য কৰি, শিশু সময়ত;
উপাৰ্জন কৰি ল’লে বিদ্যা যথাৱত।
“দুখতেহে মুখভৰে,” বুলি লোকে কয় :
আপোনাতে পালোঁ কথা, অসত্য নহয়।
পূৰ্ব্বজন্মে ভিক্ষুকক, একোকে নিদিলোঁ;
দৰিদ্ৰক দেখি মই ৰঙ্গে হাঁহি ছিলোঁ।
নিন্দা অহঙ্কাৰ আদি, মহাপাপ যত;
কৰিলোঁ হব’লা মই, পূৰ্ব্ব জনমত।
তাৰ ফলে মোৰ সুখ, কপালত নাই;
দুঃখকে লেখিলে, কপটিয়া বিধাতাই।
দিবা নিশি চিন্তা মই কিমান কৰিম;
দুখীয়া দেহত দুঃখ, কতনো সহিম?
সৰুকালে বিদ্যা নিশিকিলোঁ মূঢ়মতি;
ভুগিবই লাগে মই, অৱশ্যে দুৰ্গতি।
কেতিয়াবা মোৰ যদি, প্ৰণয়িনী হয়;
ভাগ্যে যদি তাই(ৰ) গৰ্ভে পুত্ৰ জনময়।
কোনোমতে তাক মই, শিক্ষিত কৰিম;
এনে দুঃখ ভুগিবলৈ, কাচিতো নিদিম।