পৃষ্ঠা:উজুপাঠ- বলদেৱ মহন্ত.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উজুপাঠ।

বিদ্যা।

অহে মোৰ প্ৰিয় ল'ৰা উপদেশ ধৰা,
কায়মনোবাক্যে তুমি বিদ্যা শিক্ষা কৰা।
বিদ্যাশিক্ষা কৰিবৰ এই হে সময় ,
ধেমালিত কাল হৰা, উচিত নহয়।
এতিয়া কৰিলে কাল, ধেমালিত হানি;
বিদ্যাধন উপাৰ্জ্জন, কৰিবা কাহানি?
সৰু কালে বিদ্যা আৰ্জ্জি, যিটে নলৱয়;
কেতিয়াও তাৰ সুখ, নহয় নহয়।
সুখী আৰু ভদ্ৰ যদি, হব খোজা মনে;
বিদ্যা উপাৰ্জ্জন কৰি, লোৱা প্ৰাণপণে।
বিদ্যাৰ সমান ধন নাই সংসাৰত;
অন্য ধন নোহে সম, বিদ্যাৰ লগত।
বিদ্যাৰ সুগুণ দেখা, কেনে বিপৰীত।
দান কৰিলেহে বৃদ্ধি, হয় যথোচিত।