এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
কাউৰ আৰু শিয়াল ।
মহা মহা ৰাজা যত, আশাৰ নিদানে কত,
কৰিছিল কাৰ্য্য সুমহত;
সি সবক মনে কৰি, বুদ্ধি বল অনুসৰি,
চলিবই লাগিব সতত।
অমৃতৰ আশা কৰি, বহু পুৰুষাৰ্থ কৰি,
সাগৰ মথিলে দেৱাসুৰে;
স্ত্ৰী-ৰত্নৰ প্ৰত্যাশায়, কষ্টে ভ্ৰমি নানাঠাঁই,
ত্ৰিলোক জিনিলে লঙ্কেশ্বৰে।
অভীষ্ট সিদ্ধিৰ হেতু, সমুদ্ৰত বান্ধি সেতু,
মহাৰাজ দশৰথ-সুত;
ভালুক বান্দৰ লই, লঙ্কাত প্ৰবিষ্ট হই,
যুদ্ধ কৰিছিল অদভুত।
যুধিষ্ঠিৰ ৰাজা অতি, দানী মানী ধৰ্ম্মে মতি,
তেঁও কিন্তু ৰাজ্যৰ আশাত;
দয়া ধৰ্ম্ম পৰিহৰি, দুৰ্ঘোৰ সমৰ কৰি,
জ্ঞাতিকো মাৰিলে অসংখ্যাত।
পৃথিবী হ’বৰে পৰা, সব লোক আশা কৰা,
বৰাবৰ আছে প্ৰচলিত;
শুভাশুভ কাৰ্য্যচয়, আশাৰ নিদানে হয়,
যত্ন হ'লে নহয় বঞ্চিত।”
এই কথা ভাবি থাকি, বায়সলৈ চাই ডাকি,
ক’বলৈ ধৰিলে ধূৰ্তৰাজ;