এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
পিতা মাতাৰ স্নেহ
খুৱাই ধুৱাই ৰঙ্গে, কতোক্ষণ পুত্ৰ সঙ্গে,
মাতা কৰে ধেমালি অপাৰ;
জননী সবৰ মনে, নাই ধন ই-ভুবনে;
পুত্ৰৰ সমান কোনো আৰ।
পৰিশ্ৰমে ক্লান্ত হই, সন্ধ্যা আস্ত ব্যস্ত কই,
পিতা ঘৰে আহিলে উলটি;
দেখি শিশু হৰ্ষে বড়, ল’ৰ দিয়া পিতাকৰ,
ধৰে গই ভৰিত সাবটী।
দিবসৰ দুঃখমানে, তুচ্ছ ভাবে তেঁও মনে,
পুত্ৰৰ কমল মুখ চাই;
ক্ষুধা তৃষ্ণাকো পাহৰি, দুঃখতে আনন্দ কৰি,
ভাবে সুখী “মোত পৰে নাই।”
বিদ্যা নিশিকাৰ বাবে, পিতা আৰু মাতা সবে,
মুখে দাবি মাজে মাজে দিয়ে;
লোক মুখে পুত্ৰ-দোষ, শুনি কৰে অসন্তোষ,
গুণ শুনি সুধা যেন পীয়ে।
বিদ্যা ধন যশ বুদ্ধি, অনুক্ৰমে হ'লে বৃদ্ধি,
সন্তোষ সাগৰে মগ্ন হয়;
সেয়ে ন’হলে হে মনে, খেদ কৰে দুয়ো জনে,
সংসাৰক দেখে দুঃখময়।
কিবা কাৰ্য্যে কোনো দিনে, গলে পুত্ৰ দূৰস্থানে,
ঘৰে মাতা, দেই মাত্ৰ ৰাখি;