পৃষ্ঠা:উজুপাঠ- বলদেৱ মহন্ত.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
 
 
সকলোৰে উপদেশ গ্ৰহণীয়।

চোৰে চুৰ কৰিবলৈ, নিচোৰক বাধে;
পশু পক্ষী মৰা দোষ, বুলি ক'লে ব্যাধে।
জাল বোৱা ডোমে ক'লে, মাছ মৰা দোষ;
অসতে শঠক দেখি, কৰে অসন্তোষ।
অসতীয়ে জ্ঞান দিয়ে, শান্তি হোৱা বুলি;
কানীয়াই কয় কানী, নাখাবা সমূলি।
কৃপণে অনেক দান কৰিবলৈ কয়;
আপোনাৰ কপৰ্দ্দকো, হানি নকৰয়।
কবিৰাজ যি ৰোগত, নিজ থাকে পড়ি;
আনক ঔষধ দিয়ে, পুৰুষাৰ্থ কৰি।
যি জনে সদাই মিছা, কথা কই ফুৰে;
মিছা কথা মহা পাপ বুলি ঘিণ কৰে।
কৃতঘ্নে কৃতজ্ঞ হোৱা, বুলি জ্ঞান দিয়ে।
তত্ত্বজ্ঞান শিক্ষা দিয়ে, অতি অজ্ঞানীয়ে।
সদা এনে উপদেশ, দিয়ে খলুৱাই;
কাৰো কথা ক’তো তুমি, নক’বাহে ভাই।
লোভীয়ে আনক বোলে, লোভ পৰিহাৰ্য্য;
গৰ্ব্বৱন্তে কয় গৰ্ব্ব, কৰাই অকাৰ্য্য।
ইসবৰ বাক্যে কোনে কৰিব বিশ্বাস?
বৰঞ্চ কৰিব লোকে, অতি উপহাস।