পৃষ্ঠা:উজুপাঠ- বলদেৱ মহন্ত.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
ভাল ল’ৰা।

যি ল’ৰাই শুনে সদা, শিক্ষকৰ বাণী;
যাৰ বাক্যে সন্তোষিত, জনক জননী।
ভাই ভগিনীক স্নেহ, কৰে অকপটে;
দাস বা দাসীকো বেয়া নোবোলে সততে।
কাৰো সঙ্গে কেতিয়াও, দ্বন্দ্ব নকৰয়;
সবাৰো আগত সদা, মিষ্ট কথা কয়।
লগৰীয়া বালকক, ভ্ৰাতৃ যেন দেখে;
কাৰো প্ৰতি ক্ৰোধভাৱ, মনত নাৰাখে।
বৃদ্ধ কুব্জ খঞ্জক নকৰে উপহাস;
মনোযোগ কৰি কৰে, পাঠকে অভ্যাস।
বাটে ঘাটে বেয়া কথা, ৰটিয়া নুফুৰে;
সকলো প্ৰাণীক সদা, দয়াকেহে কৰে।
সৰ্ব্বক্ষণ গুৰুবাক্য, কৰয় স্মৰণ;
পাঠ্য পুথি ৰাখে, কৰি পৰম যতন।
প্ৰতিদিনে পাঠালয়ে, সময়তে যায়,
এলাহৰ বশীভূত, কখনো নহয়।
পৰদ্ৰব্য কেতিয়াও, চুৰ কৰি নানে;
বেয়া কাৰ্য্য বিলাকক, ঘৃণা কৰে মনে।
এনেকুৱা ব্যৱহাৰী, যিটো ল’ৰা হয়;
তাক ভাল ল’ৰা বোলে, যত সদাশয়।