পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জানো’ বুলিও তেতিয়া কবৰ মন নাযায়।

 ভেজাল খাইও দেহত যিকণ প্ৰাণশক্তি, গোটাইছিল ঘামে সেইখিনিও উটুৱাই লৈ গৈছে। খোজ কঢ়াৰ শক্তিও নাই যেন লাগি ৰিক্সা এখনকে ৰখাব খুজিলে ‘ৰিক্সা! এই ৰিক্সাৱালা ....’ আপোনাৰ মাতটো উদাৰাৰ পৰা মুদাৰা, মুদাৰৰ পৰা তাৰাৰ সপ্তমত উঠিল। গছৰ তলত ৰিক্সাৰ ওপৰত ঠেঙৰ ওপৰত ঠেং তুলি বহি থকা ৰিক্সাচালকজন কিন্তু নিৰ্বিকাৰ। আপোনাৰ চিঞৰলৈ ভ্ৰূক্ষেপেই নকৰে। আপুনি ৰিক্সাখনত ধৰি জোকাৰি মাতিলেও পৰাপক্ষত চালকজনে মূৰ ওঁঠ একো নলৰোৱাকৈ থাকিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। অগত্য়া নোৱাৰিলেহে মূৰটো জোকাৰিব — নাযায়। গতিকে বাটেদি আহি থকা খালি ৰিক্সা এখনৰ বাবে আপুনি ধৈৰ্য ধৰি বোন্দাপৰ দিব লাগিব। তেনে এখন ৰিক্সা যেতিয়া চকুত পৰিব আপোনাৰ দৰে ভুক্তভোগী কেইবাজনো আগবাঢ়ি যাব। ৰিক্সাখন ৰখাবলৈ ক'ব খুজি সেই একে দৃশ্যৰ সন্মুখীন হ'ব। ওঁঠ-মূৰ একো লৰচৰ নকৰাকৈ মাত্ৰ ভৰি দুটাৰে পেডেল মাৰি মাৰি নিৰ্বিকাৰ ভাবে আপোনাক ফালৰি কাটি যাবলৈ চেষ্টা কৰিব ৰিক্সাচালকজনে। আপোনাৰো এই গৰমত ধৈৰ্যচ্যুতি ঘটিব। এনেই কৃপা কৰি উঠাই নিবলৈ কৈছে নে কিবা! পয়ছা দিহে উঠিব। নাযায় যদি ৰিক্সা ৰাজ-পথলৈ উলিয়াই কিয়? পৌৰ নিগমৰপৰা চলাবলৈ লাইচেন্স লয় কিয়? গোটেই দেহৰ গৰমখিনি আপোনাৰ মাত আৰু চকুত প্ৰকাশ পাব। জোৰ কৰি ৰিক্সাখন ৰখাবলৈ চেষ্টা কৰিব। লগে লগে ত্ৰিতাপে আপোনাৰ দেহ-মন আৰু গৰম কৰিব। মূৰৰ ওপৰত পূৰ্ণ সূৰ্যৰ তাপ, ভৰিৰ তলত পকা আলিবাটৰ অসহ্য় পিট্ছৰ তাপ, আৰু সন্মুখত অগ্নিশৰ্মা ৰিক্সাচালকৰ দুটি ৰঙা চকুৰ তাপ। ‘ক’ত যাব।’ এটা কৰ্কশ স্বৰ। চালকে আৰোহীক সোধা সুৰ নহয়। পুলিচে চোৰক সোধা সুৰহে। গন্তব্য় স্থানৰ কথা শেষ হওঁ নহওঁতেই নিৰ্বিকাৰ ভাবে তেওঁ আকৌ পেডেল

(২৯)