সমললৈ যাওক

পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইন্দীবৰ বৰুৱা।

বংশ আৰু সৰুকাল।

কাথ কাকতী।

 আসাম ৰজাৰ দিনত হিচাপ পত্ৰ ৰাখিবলৈ আৰু লিখাপড়া কাকতাদি কৰিবলৈ এক শ্ৰেণীৰ মানুহক বৃত্তি বিধান বিষয়াদি দি বৰ আদৰেৰে ৰাখিছিল। তেওঁ লোকক কাথ কাকতী বুলিছিল।

নামতিয়াল কাকতী।

 নামতিয়াল কাকতীও তাৰ ভিতৰৰ এঘৰ;এওঁলোকৰ বংশ পৰিয়াল নাম্‌তীত থকা বাবে সেই নাম পাইছিল।

জন্ম।

 ইন্দীবৰ বৰুৱা এই বংশত ১৭৫১ শকত অৰ্থাৎ ১৮২৯ খৃষ্টাব্দত জন্ম গ্ৰহণ কৰে। এওঁৰ পিতাক কৃষ্ণানন্দ বৰুৱা অতি শান্ত সাধু প্ৰকৃতিৰ মানুহ আছিল। সৰুতে মাক মৰাত কৃষ্ণানন্দৰ পিতাকে দ্বিতীয় বাৰ