সমললৈ যাওক

পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ইন্দীবৰ বৰুৱা।
৫৫
 

 এই জন৷ ডেপুটী কমিচনৰ চাহাবেই ইন্দীবৰ বৰুৱাই দেখা কৰিবলৈ যাওঁতে এদিন কৈছিল যে তেওঁৰ লৰা এটাই খৱৰৰ কাকতত লিখে। সেইবাবে তেওঁৰ অন্য চাকৰীয়া লৰাক অনুগ্ৰহ দেখুৱাব নোৱাৰে।

গাধোৱাৰ বেলিকা গোৱা স্তোত্র।

(১)

মধু দানৱ দাৰণ দেৱ বৰং
বৰ বাৰিজ লোচন চক্ৰধৰং৷
ধৰণী ধৰ ধাৰণ ধ্যেয় পৰং
পৰমাৰ্থ বিদ্যা শুভ নাশ কৰং।
কৰ চূর্ণিত চেদিপ ভূৰি ভগং,
ভগভূষণ কোৰ্চ্চিত পাদ যুগং ।
যুগ নায়ক নাগৰ বেশ ৰুচিং,
ৰুচিৰাংশ পিধান শৰীৰ শুচিং।
শুচি চামৰ বায়ু নিসেব্য তনুং,
তনু মধ্যগ দেহ সুবেশহনুং।
হনুমন্ত হৰীশ সহায় ৰতং,
ৰতিৰাঙ্গ পৰায়ণ শত্ৰু নতং।