সমললৈ যাওক

পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ইন্দীবৰ বৰুৱা।
৫১
 

বছৰ পেন্সন খাই শেহত গ্ৰহনী ৰোগত পোজী নাতিনুতি ইষ্টমিত্ৰ সকলোটিৰে মাজতে ১৯১৪ চনৰ ২ জুন তাৰিখে তেওঁ নশ্বৰ দেহ এৰি গল ।

 ডেকা কালত তেওঁ বৰ পাশা খেলিছিল। ৪০ চল্লিচ বছৰ পাৰ হলত তেওঁ অলপ দৰবো খাইছিল। দিনটোত এপোৱা মলাধপাত লগিছিল। কোনো ফালে ওলাই গলে লগুৱা লৰা এটাই হোকা চিলিম ধপাত লৈ যাব লাগে। আৰু ৰাতি সাৰ পালেই ধপাত লগাই দিব লাগিছিল। চাহও অতিপাতকৈ খাইছিল। জুইশালৰ ওচৰত খুৰালগা বৰপিৰা এখনত বহি মাজে মাজে চাহ খাই থাকে। তাতে অনেক বিধৰ ধৰ্ম্মবিষয়ে কিতাপ পঢ়ি চিঠি-পত্র লিখি অধিক সময় কটাইছিল। আৰু ভাত খাই উঠি অলপ জিৰাই লৈ শিৱদললৈ গৈ ফকীৰ সন্ন্যাসীৰ লগত আলাপ কৰি আহে। জাৰ ঘাম সকলো সময়ত আৰু সকলো ঠাইতে তেওঁ তপত পানীৰে গাধোৱা অভ্যাস আছিল। কাম কৰা দিনত ফকীৰ ফকৰা আলহী থাকিবৰ নিমিত্তে বাৰীৰ আগত থকা বেল গছ জোপাৰ তলত ঘৰ সজাই ৰাখিছিল। তেতিয়৷ নিজে নাখাইও লৰা তিৰুতালৈ নাচাইও ফকীৰ ফকৰাক অতি যত্নেৰে সোধ পোছ কৰিছিল। আৰু এই বিলাকৰ লগত ৰাতি দুপৰ