এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০
ইন্দীবৰ বৰুৱা।
যোৰহাটৰ দলনিত পোনা মেলি গলা।
মৰমৰ পুত্ৰ কন্যা কাক সমৰ্পিলা॥
সদা গেৰি দিওঁ আমি পিতৃ পিতৃ বুলি।
তথাপি তোমাৰ হিয়া নগল বিদৰি॥
বিনা মেঘে বজ্ৰপাত পৰিল আমাত।
শুনিয়া তোমাৰ মৃত্যু চোৰৰ হাতত॥
হে বিধি! হলা তুমি এনে নিদাৰুণ।
বাটতে হৰিলা কিয় দুখীয়াৰ ধন॥
বৃথা জন্ম সংসাৰত পিতৃহীনা জন।
শোকাগ্নিয়ে দহি থাকে সদা মোৰ মন॥
শেহকাল আৰু চৰিত্ৰ।
যদিও বা ইন্দীবৰে একাদিক্ৰমে তিনিবাৰ বিয়া কৰাইছিল, তিনিও পৰিবাৰ তেওঁৰ আগতে মৰিছে। তদুপৰি তেওঁ সময়ে সময়ে পো জী জোৱাই নাতি নুতি আদি পৰিবাৰভুক্ত অনেকক হেৰুৱাই দাৰুণ শোক সন্তাপ পাইছিল। তেওঁ নাতি দীৰ্ঘ নাতি খৰ্ব্ব আঁটিল বান্ধৰ মানুহ আৰু তেওঁৰ মুখত গুটি সাঁচৰ চিন্ আছিল। ৩৫ পয়ত্ৰিশ