সমললৈ যাওক

পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ইন্দীবৰ বৰুৱা।
৪৯
 

 ডাঙ্গৰটি ছোৱালীৰ লৰা ছোৱালী সাতোটি। সৰুটিৰ লৰা এটি ছোৱালী দুটি। এওঁ গোলাঘাটৰ ৺যাদব প্রসাদ দুৱৰা (৺গুৰুপ্ৰসাদ দুৱৰা কাকতিৰ পুতেক) লৈ, পৰিছিল। বিধিৰ কি বিড়ম্বনা! এইটীয়ে ১৯১৯ চনত অকালত গিৰীয়েকক হেৰুৱাই বৈধব্য যন্ত্রণা ভুগিব লগা হৈছে।



পিতৃবিৰহে কন্যাৰ বিলাপ।

হে বিধি অদৃষ্টে কিনো তুমি লিখিলা।
অকালত পিতৃ নিয়া অনাথ কৰিলা ৷
অৱশ্যে যে পূর্ব জন্মে পাপ কৰিছিলো।
সেই হেতু অকালত পিতৃহীনা হলো॥
পিতৃৰ কথা ভাবি উথলিছে শোক৷
কিনো দোষে পিতা তুমি এড়ি গলা মোক॥
স্বর্গ সুখ ভুলি মই দীঘল ডাঙ্গৰ হলোঁ।
কিয় ভৰ বয়সত নৰকত পৰিলো॥
আদৰ সাদৰ তুমি অনেক কৰিলা।
এড়ি গৈয়া কিনো মহা কষ্টত পেলালা॥