সমললৈ যাওক

পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮
ইন্দীবৰ বৰুৱা।
 

 ছোৱালী হেমলতা আৰু কাঞ্চনলতা। হেমলতাক যাদুৰাম বৰুৱাৰ নাতিনীয়েক চন্দ্রকমল দাৰোগালৈ দিয়া হৈছিল।

 হেমলতাৰ তিনটি ছোৱালী আৰু এটি লৰা। গিৰিয়েকে চোৰ এটা ধৰি ৰাতি গাৱৰ মানুহ এঘৰত শুই থাকোঁতে চোৰৰ হাতত অপমৃত্যু ঘটে। এই ঘটনা ১৮৯৮ চনত হয়। [] ছোৱালী দুইটি উলিয়াই দিছিল কিন্তু লৰা পাই দুয়োটি মৰিল। এজনী বিয়া দিবলৈ নৌপাওঁতেই মৰিল । বাপেক মৰোঁতে লৰাটি তিনি বছৰীয়া। গবর্ণমেণ্টে মৰম কৰি ১৮ বছৰলৈকে পঁচিশ টকা খোৰাকী দিছিল । ১৯১৪ চনত খোৰাকী বন্ধ হয়।

 কাঞ্চনলতাক বেতবাৰীৰ পূৰ্ণ চিহা-নবিছৰ পুতেক ভোলা বৰুৱালৈ দিয়া হৈছে। তেওঁ অলপতে পেন্সান ললে। এওঁৰ তিনটি লৰা আৰু দুটি ছোৱালী। বৰটি শ্ৰীমান ৰাজেন্দ্ৰনাথ বি.এ, বি.টি. পাছ কৰি স্কুলৰ কামত আছে; মাজুটি শ্ৰীমান ব্রজেন্দ্রনাথে আই এ, পঢ়ি আহি স্কুলতে সোমাইছে। সৰুটিয়ে মেট্ৰিকিউলেচন পাছ কৰি ঘৰতে আছে।

  1. তেওঁৰ ছোৱালী ৺ হৰিপ্রীয়া আইদেৱে তলত দিয়া কবিতাটি লিখিছিল। মাকে লিখকৰ হাতত দিয়াত ইয়াতে ভৰাই দিয়া হল :—