স্কুলএৰি পুনৰ কলিকতালৈ যায়। তাত থাকোঁতে ১৮৯৩ চনত ৰয়েল ওপিয়ম কমিচন অর্থাৎ বিলাতৰ পৰা অহা কানি কমিচন বহে। তেতিয়া তেওঁ পার্লীয়ামেণ্ট মহাসভাৰ সদস্য উইলচন্ চাহাবেৰে চিনাকী হোৱাত চাহাব মহোদয়ে তেওঁৰ সাক্ষৎ গ্ৰহণ কৰায় । এই কাৰ্য্যতো অসমীয়া ভদ্রলোক দুজনমানৰ চকু পুৰিছিল। অতি আচৰিত কথা এওঁ যি কামতে হাত দিয়ে সেই কামতে প্রতিবন্ধক পাই কাম সিদ্ধি কৰিব পৰা নাই; আৰু স্বদেশৰ উপকাৰ সাধিবলৈ কোনেও এওঁক সুবিধা দিয়া নাই ৷ তাৰপৰা ১৮৯৫ চনত ডিব্ৰুগৰলৈ আহি তাত এবছৰ থাকি, ১৮৯৬ চনত উত্তৰ লক্ষ্মীমপুৰৰ স্কুলৰ কামত যায় । তাতো গোলমাল লাগি দেৰ বছৰ যুঁজবাগৰ কৰি থাকি, ১৮৯৮ চনৰ এপ্ৰিল মাহত পুনৰ কলিকতালৈ যাত্ৰ৷ কৰে। তেতিয়া কলিকতাত ‘প্লেগ” বেমাৰ বৰকৈ হোৱাত, চেগ্রিগেচন্ অৰ্থাৎ ৰোগীক ঘৰৰ পৰা আঁতৰাই থোৱা নিয়ম কঠোৰ ভাৱে চলাবলৈ ধৰাত কলিকতাবাসী মাৰোৱাৰী, বঙ্গালী, দুখীয়া, চহকীৰ মাজত আতঙ্ক উপস্থিত হৈ সকলোৱে ৰেলে দি আন ঠইলৈ যোৱাৰ ধুম পৰিছিল ৷
তেনেতে হাইকোর্টৰ ট্রান্সলেটৰী পৰীক্ষা হোৱাত