এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ইন্দীবৰ বৰুৱা।
৪১
চিত হৈ যিদৰে কাৰ্য্য চলালে কৰদাতা সকলৰ বিশেষ উপকাৰ হয় সেই দৰে কাৰ্য্য কৰিব পৰা নাই ৷
তেওঁৰ লৰাছোৱালী মখা।
দেৱানৰ জীয়েকৰ দুজনী ছোৱালী থাকে। এজনীৰ নাম মুক্তালতা, আন জনীৰ নাম গুঞ্জলতা। মুক্তালতাকে যোৰহাটৰ দোলাশৰীয়া বৰুৱাৰ পুতেক মহীচন্দ্ৰলৈ দিছিল ৷ দুজনী ছোৱালী হোৱাৰ পাছত এওঁ বাৰী হয় আৰু অতি দুখে কষ্টে শিৱসাগৰত থাকি ১৯১৩ চনত পৰলোকগতি কৰিলে । ইজনী ঢেকীয়ালৰ বনৰ বাঘকঁপা চৰমনাথ দাৰোগাৰ পুতেক হৰকান্তলৈ দিয়া হৈছিল । এওঁ দুটা লৰা থৈ কিছুদিন বাঁৰী ভাত খাই ১৯২২ চনত মৰে। তেওঁলোকৰ মাক ১৮১৩ চনত ঢুকায় ৷
ৰাইডঙ্গীয়া ফুকনৰ জীয়েকৰ পাচোঁটা লৰা আৰু দুজনী ছোৱালী থাকে। (১) এই চৰিত্ৰ লিখক, (২) যোগেন্দ্রনাথ (৩) মহেন্দ্রনাথ (৪) দেবেন্দ্রনাথ (৫) নগেন্দ্ৰনাথ। লেখক ওপজোতে উসাহ নাইকিয়া হৈ উপজিছিল, পাছে. অনেক যত্ন কৰাতহে আধা ঘণ্টা মানৰ মুৰত জ্ঞান