সমললৈ যাওক

পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ইন্দীবৰ বৰুৱা।
৪০
 

ৰেপট মতে ৯৫০৲ টকা এমাহৰ ভিতৰত ফেৰ‍ দিবলৈ লিখিলে।

 তাকে নকৰাত তেওঁৰ ওপৰত বোৰ্ডৰ তৰফে ৯৫০৲ টকা পাবলৈ দেৱানী মোকৰ্দ্দমা ৰুজু কৰিলে । বাহাদুৰ আজীজৰ ৰহমান মুঞ্চেফে ইন্দীবৰৰ দাখিলি হিচাপ গ্ৰহণ কৰি ১৫০৲ টকা মাথোন ডিক্রী দিলে ।

 মেম্বৰসকলৰ ওপৰত ইয়াৰ আগে বা পিছে কোনো দিনে এনে বিধৰ মোকৰ্দ্দমা হোৱা নাই। চেয়াৰমেনে খঙ্গৰ ওপৰতহে এনে কাম কৰিলে যেন লাগে ৷ ইয়াৰ পৰা দেখা গল যে বোৰ্ডৰ কাম কৰিবলৈ মেম্বৰ সকলক টকা দিয়৷ উচিত নহয়; বৰং ঠিকাদাৰৰ হতুৱাই কৰোৱাতোহে ভাল ৷ তথাপি আজিকালিও এনেবোৰ কাম কৰিবলৈ মেম্বৰ সকলক টকা দিয়াৰ নিয়ম আছে বুলি শুনা গৈছে।

 যদিওবা নতুন সংস্কাৰ মতে লোকেল বোর্ড আৰু মিউনিচিপালিটীবিলাক দেশী কৃত্যবিদ্য মানুহৰ তত্ত্বাবধানত দিয়া হৈছে আৰু গৰাকীসকলৰ খামোছ কিছু ঢিলাই দিছে। তথাপি চকখোৱা আৰু উভতিচোৱা স্বভাৱ আমাৰ ক্ষমতা পোৱা মানুহৰ গাৰ পৰা গুচা নাই। সময়াভাব আৰু স্বকাৰ্য্যত লিপ্ত থকা লোকসকলে এই দুই ঠাইত নিৰ্ভীক-