সমললৈ যাওক

পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ইন্দীবৰ বৰুৱা।
৩৭
 

পাছে কাম এৰি পেন্সন লৈ ঘৰত বহি থাকোতে “জীৱনাদৰ্শ” নামে এখনি চৰিত্ৰ পুথি লিখি লিখকলৈ পঠোৱাত লিখকে ছাপা কৰাই উলিয়াইছিল! সেই পুস্তিকাত কিছুমান অসমীয়া ডাঙ্গৰ মানুহৰ চকুত লগা জীৱনৰ ঘটনা গোটাদিয়েক সংগ্ৰহ কৰি মোটামুটিকৈ লিখিছিল। সেই পুস্তিকা নীলকুমুদ বৰুৱা নামে ওলাইছিল অর্থাৎ ইন্দীবৰ মানে নীলকুমুদ। কামত থাকোঁতে তেওঁৰ মানুহৰ ভিতৰত: —নদাই টেকেলা, গঙ্গী ঠাকুৰ, বটু বাপু, ঘীন গগৈ আদি অনেক ৰকমৰ মানুহে তেওঁৰ পৰা ৰীতিমত আর্থিক সহায় পাইছিল। তেওঁৰ সহায় খুজিবলৈ অহা কোনো মানুহে কেতিয়াও ৰিক্ত হস্তে উভতি যাব নালাগিছিল।


লোকেল বোর্ডৰ মেম্বৰ ৷

 ১৮৮৪ চনত মহামতি লৰ্ড ৰীপন চাহাব বাহাদুৰে ভাৰতবাসীক স্বায়ত্ব-শাসন শিকাবৰ অৰ্থে যি লোকেল চেল্‌ফ গবর্ণমেণ্ট ৰিজলিউশ্যন উলিয়াইছিল, সেই মতে জিল্লাই জিল্লাই লোকেল বোর্ড থাপনা হৈছিল। লোকেল বোৰ্ডৰ হাতত গাঁৱৰ আলি পদূলি, নাদ-পুখুৰী, আৰু পঢ়াশালীবিলাক চাবৰ ভাৰ দিছিল।