নিবিচাৰে ; কাৰণ ৰায়ত হঁতে ভাবে যে চাহাব আমোলা সকল গাঁৱৰ আলহী হৈছে, তেওঁলোকক শোধপোছ কৰিবই লাগে। তদুপৰি খোৱা দ্ৰব্য বস্তু বৰ সাইজ আৰু অপৰ্য্যাপ্ত আছিল ।
এই দৰে কুলি ধৰা নিয়ম ১৯০০ চনলৈকে চলি আহিছিল ; মাথোন লর্ড কর্জ্জন বাহাদুৰেহে State Emergency অর্থাৎ ৰজাৰ টনাটনি বাহিৰে জবৰদস্তি কৰি কুলি ধৰা নিয়ম ৰহিত কৰি গৈছে।
এওঁ কাম কৰা দিনত মাথোন এবাৰ ছমাহ ছুটি লৈ কলিকতালৈ গৈ লেফটেনেন্ট গৱৰ্ণৰ বাহাদুৰত মুন্সেফি পাবৰ নিমিত্তে আবেদন কৰিছিল আৰু তাৰপৰা গয়ালৈ গৈ পিণ্ডাদিও দি আহিছিল। তেওঁৰ আবেদনৰ একো গুটি নধৰিলে; মাথোন বহুত খৰচ পাতি হে হ'ল । ইতিপূৰ্ব্বে তেজপুৰলৈ বদলী কৰাৰ হুকুম আহিছিল; কিন্তু ঘৰ এৰি কোনোমতে নগল । এইদৰে শিৱসাগৰতে কামত ভৰ্ত্তি হৈ ৩৩ বছৰ সেই আফিচতে কাম কৰি ১৮৭৯ চনত কামৰ পৰা অৱসৰ ললে।
কামত থাকোতে নানাবিধ ছন্দবন্ধে কিছুমান স্তৱ-স্তোত্ৰ লিখিছিল আৰু মাজে সময়ে লিখকৰ আগত পঢ়ি শুনাইছিল; কিন্তু সেইবোৰ বিচাৰি পোৱা নগল।