সমললৈ যাওক

পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪
ইন্দীবৰ বৰুৱা।
 

কৰি ইংৰাজ লোকে চন্দ্ৰ দিবাকৰ থাকে মানে অক্ষয় কীৰ্ত্তি ৰাখিলে বুলি সকলোৱে স্বীকাৰ কৰিব লাগিব। পাছে দুখৰ কথা এই হে যে দাসত্ব প্রথা প্রকাৰান্তৰে বৃটীচ ৰাজ্যত চলিব লাগিছে— অন্য দেশৰ কথা নকলেও হ'ব।

 জিল্লাৰ চাহাবে জাৰকালি আহিলেই চফৰ ফুৰিবলৈ 'ওলোৱা নিয়ম কৰিছিল আৰু কোন কোন আমোলা লগত যাব লাগিব এমাহৰ আগতে হুকুম শুনাই দিছিল। সেই কেজন আমোলাৰ ঘৰত কি উখল মাখল চাবা। যি দুই এটা আলি আছিল সিও অতি দুর্গম। চাহাবে হয় ঘোঁৰা নহয় হাঁতী ধৰাই আনি উঠি যায়; আৰু লগত তাম্বু ঘৰ লৈ ফুৰিছিল। কোনো পুখুৰী বা ণৈৰ পাৰত তাম্বু তৰি চাহাব থাকে; বাগিচাৰ চাহাবৰ বঙ্গলাত নাথাকিছিল বা নাখাইছিল। নোৱাৰা নোৱাৰাত হে বাগিচাৰ চাহাবৰ বঙ্গলাত থাকিছিল বা খাইছিল। সেই বাবে বাগিচাৰ চাহাবে চৰ্কাৰী কৰ্ম্মচাৰী সকললৈ কিছু ভয় ৰাখিছিল। আমোলাসকলৰ মালবস্তু নিবলৈ গাঁৱলীয়া কুলি শ্ৰেণীৰ মানুহ ধৰি আনিবলৈ মৌজাদাৰলৈ বা পুলিচলৈ পৰণা জাৰী হয়।

 তেওঁলোক যাবৰ দিনা ১০।১৫টা গাঁৱলীয়া মানুহ