সমললৈ যাওক

পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০
ইন্দীবৰ বৰুৱা।
 

(২) হীৰাবতী

 তেওঁৰ পাছৰ ভনীয়েক ৰতিৰাম বৰ বৰাৰ মাজু পুতেকলৈ পৰিছিল। এই জনাৰ যদিও পোনতে বৰ দুখ গল, শেহত বৰ সুখে সন্তোষে পতিপুত্ৰৰ আগতে মৰিবলৈ পাইছিল।

(৩) নিৰজা।

 তৃতীয় ভনীয়েক বঙ্গাল কাকতীৰ ঘৰত পৰিছিল। এওঁৰ ৰূপগুণ চাই সুখ নহল বুলিব পাৰি। এওঁ আৰু এওঁৰ গিৰীয়েক অলপ অগাপিছাকৈয়ে পৰলোকলৈ গতি কৰিছে।

(৪) ললিতা।

 কনিষ্ঠ৷ অতি আদৰৰ, ভনীয়েক যাদুৰাম বৰুৱা সদৰামীনৰ সৰু পুতেকলৈ পৰিছিল। এওঁ পতিপুত্ৰৰ পৰা সৰ্বপ্ৰকাৰে সুখ সন্তোষ পাইছে বুলিও শেহত বাঁৰীভাত খাব লগাত পৰিল। এওঁবিলাকৰ পিতাক ১৮৬৫ চনত ঢুকালত সকলোটি 'ভাইভনীৰ পোষণ পালনৰ ভাৰ বৰ ককায়েকৰ ওপৰত পৰিছিল; ভনীয়েক দুটিক উলিয়াই দি ভায়েক দুজনৰ ঘৰ পাতি বৰ ককায়েকে শেহ কাল সুখে শান্তিৰে নিয়াব পাৰিম বুলি আশা কৰি-