সমললৈ যাওক

পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮
ইন্দীৱৰ বৰুৱা।
 

সামৰে। তিনিওটি জীয়েকক সুপাত্ৰত দিব পাৰিছিল। এওঁৰ বিধবা পত্নী ইতিমধ্যে মৰিছে।

(৪) ৰত্নধৰ বরুৱা—

 সৰু ভাইক পিতাক জীয়াই থাকোঁতে কলিকতাত পঢ়িবলৈ পঠিয়াইছিল; পাছে পিতা ঢুকালতহে ঘৰলৈ উলটি আহি স্কুলৰ ডেপুটী ইনিস্পেক্টৰ কামত সোমাই শিবসাগৰতে পেন্সন খাই আছে ৷ এওঁৰ ঘৈণী মৰিল ; লৰা ছোৱালী কেবাটিও আছে। এই শেহৰ দুই সহোদৰেৰে একান্নভোক্তা হৈ ১৮৭৮ চনলৈকে পুৰণি বাৰীত থাকে; পাছে বৰ ককায়েকক পুৰণি বাৰী এৰি দি তেওঁলোক দুয়ো বেলেগে মাটিবাৰী লৈ আঁতৰি যায় ৷

(৫) চন্দ্ৰধৰ বরুৱা—

 বৈমাত্রেয় ভাইজনে কাছাৰীত সোমাই শিবসাগৰ আৰু লক্ষীমপুৰ জিল্লাৰ কেউটা মহকুমাত কাম কৰি শেহত পেন্সন লৈ শিৱসাগৰত নিগাজী ঘৰদুৱাৰ কৰিছে।

 যি লোকে লৰাক সুশিক্ষা দি মানুহ বোলাই সংসাৰ চলাব পৰাকৈ থৈ যায় আৰু ছোৱালীক সুপাত্ৰত সমৰ্পি সুখে সন্তোষে থকা দেখি যাব পাৰে, সেই লোকক