বাটত কোনো দুর্ঘটনা নহলেহে এমাহ মানে কলিকতা পোৱা গৈছিল। এনে দুৰ্যোগৰ সময়ত (যেতিয়া ইফালৰ মানুহ সিফাললৈ যাব নিদিছিল) ইন্দীবৰে অতি গোপনে কেবা মাহৰ পৰা বাতৰি লোৱাই বৰ প্রবন্ধেৰে প্ৰিয়লালক কলিকতালৈ পঠিয়ালে আৰু তেওঁ সেইখিনি পাই অনেক বুদ্ধি সন্ধি লগাইহে বঙ্গল৷ দেশৰ তেতিয়াৰ লেফটেনেণ্ট গৱৰ্ণৰ বাহাদুৰক আসামৰ বিদ্ৰোহৰ ঢকৰ আনুপূর্বক বৃত্তান্ত লিখি এখন আবেদন পত্র দিয়ে। তেতিয়া সৰু লাটে স্বয়ং আসামলৈ এই বিষয় অনুসন্ধান কৰি হুকুম দিব বুলি উত্তৰ দিয়াত প্রিয়লাল ঘৰলৈ উলটি আহে।
বঙ্গলাদেশৰ লেফটেনেণ্ট গৱৰ্ণৰ চাৰ চিচিল বীডনৰ শিৱসাগৰলৈ আগমন :—
সেই মতে চাৰ চিচিল বীডন বাহাদুৰ গোৱালণ্ডলৈকে
ৰেলেৰে আহি তাৰপৰা সোণামুখী জাহাজেৰে ব্ৰহ্মপুত্রেদি
উজাই আহি দিখৌমুখেদি দিখৌ সোমাই শিৱসাগৰৰ
ডোমগাৱঁৰ ওচৰত থকা পুৰণি থানাৰ ঘাটতে জাহাজ
বন্ধালে। তাতে দৰবাৰ এখন পাতি দেশী ভদ্রলোক
সকলক কৈছিল যে এনে হোজা ঘৰত থকা শান্তি প্রিয়