সমললৈ যাওক

পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ইন্দীবৰ বৰুৱা।
২৩

সেইখন গাওঁ একেবাৰে ৰসাতললৈ গৈ বৰ ডাঙ্গৰ বিল হৈ আছে। সেইখন বিলৰ নাম দবৈ সাহোন আৰু তাত যিবোৰ বামুণী ভেকোলা আছে সেইবোৰকেই সেই অনাচাৰী ব্ৰাহ্মণ বুলি কয়। এই কথা মতে ইন্দীৰৰ আগ নাবাঢ়িলে।

কলিকতা আৰু শিৱসাগৰলৈ অহা যোৱাৰ কষ্ট।

 তেতিয়াৰ দিনত নিয়ম মতে কলিকতাৰ পৰা আসামলৈ জাহাজ চলাচল কৰা নাছিল; মাথোঁ মাজে সময়ে দুখন এখন সদাগৰী জাহাজ অহা-যোৱা কৰিছিল। সেই বাবে আসামৰ কমিচনাৰ চাহাবক চফৰ ফুৰিবলৈ জাহাজ এখন দিছিল আৰু সেই পুৰণি ঠাচৰ জাহাজ ১৯২০ চনলৈকে তেওঁৰ ভাৰত আছিল। কিন্তু ভাটীলৈ কোনো লোক যাব লগা হলে, দিখৌ মুখত বোন্দা মহৰ কামোৰ খাই কেবাৰাতিও খপিলেহে বঙালী পাঞ্চৈ নাও পোৱা গৈছিল। দিখৌমুখেহে তেতিয়া শিবসাগৰ কি নাজিৰালৈ যোৱা বাট আছিল, তাত প্ৰাণৰ বৰ ভয়---কাৰণ বনৰীয়া জন্তুৰ বৰ উপদ্ৰৱ। সেই দৰে বঙ্গালী নাও ধৰিব পাৰিলে,