এই সময়ত কাৰো কথা লগাব পাৰিলে লগনীয়া জনৰ উন্নতি হৈছিল আৰু ইজন মহা বিপদত পৰিছিল ৷
এনেতে জামিনতী পত্ৰ আহি চাহাবৰ হাতত পৰে ৷ তেতিয়া বন্ধুজনক চাহাব বাহাদুৰে কলে যে এনে মহা- বিপদৰ বেলা আপোন তেজমঙ্গহৰ মানুহে সহায় নকৰিলে আন কোনে আগ বাঢ়িব; এই বুলি চাহাবে কথাটো পাতলাই পেলালে ।
এই সময়ত তেওঁৰ সেই বন্ধুজনেই কোনো কোনো মানুহৰ বিৰুদ্ধে চাহাবক লগাই খাটনীয়াৰ হবলৈ ইন্দীবৰক লগ ধৰিছিল। তেওঁ পিতাকক সুধিহে উত্তৰ দিব বুলি কলে। সেই মতে তেওঁ গধূলি নিৰলে পিতাকৰ ওচৰত এই কথা উলিয়ালে ; তেতিয়া পিতাকে তেওঁক বুজালে বোলে :—পৰশ্ৰীকাতৰ স্বার্থান্ধ মানুহে শহুৰেৰ দদায়েৰ আৰু আন আন মুখাল অসমীয়াক দমাবৰ অভিপ্ৰায়ে চক্ৰান্ত কৰি বিদ্ৰোহৰ ঢক এটা তুলিছে; এনে স্থলত তইনো কাৰ কথা লগাই খাটনীয়াৰ হব খুজিছ? বাপা ! এনেবোৰ গর্হিত ধৰ্ম্মবিৰুদ্ধ কাম কৰিলে কোনো কালে কাৰো মঙ্গল নহয় বুলি কৈ তলৰ দৃষ্টান্তটি দিলে :—
দবৈ সাহোনৰ কথা :—
গুৱাহাটীৰ ফালে দবৈ সাহোন নামে এখন ঠাই