সমললৈ যাওক

পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮
ইন্দীবৰ বৰুৱা।
 

দেৱান ইন্দীবৰৰ শহুৰেক আৰু দুতিৰাম বৰুৱা দদায়েক হয়। এই বাবে ৰাতি পুলিছে কথা শুনিবলৈ আহি ঘৰৰ পাছ ফালে জোপ লৈ থাকি তেওঁলোকৰ থৰজুগুটি হেৰুৱাইছিল। তেতিয়া তেওঁ কাছাৰীত নিগাজি কামত ভৰ্ত্তি হৈছিল ।

 থৰ্ন্টন নামে ছোট চাহাবে এদিন কথাৰ চেগত তেওঁৰ আগত চিয়াৰেৰে কলে যে চাহাবে পাছ দিন৷ বৰ অপ্রিয় কাম কৰিবলৈ দেৱানৰ ঘৰলৈ যাব লগা হৈছে। ইন্দীবৰে কথাটো বুজিব পাৰি শহুৰেকৰ ঘৰত সাৱধান কৰি দিয়াতহে দেৱানৰ পৰিয়ালৰ মণিপুৰীয়া নিৰ্বাসিত পৰিয়ালৰ[] হাজাৰীবাগ জেলত যি দশা হৈছিল তেনে হবলৈ নাপালে ।

 এদিন তেওঁ দুতিৰাম বৰুৱাৰ জ্যেষ্ঠ পুত্র প্রিয়লাল বৰুৱাৰ ঘৰলৈ যাওঁতে প্রিয়লাল বৰুৱাক বন্ধু এজনাৰে কথা পাতি বহি থকা পালে; তেতিয়া প্রিয়লালে উঠি আহি ককায়েকক ভিতৰলৈ মাতি নি অলপ বিশ্বাসী কথা পাতিলে। এই কাৰ্য্যত বন্ধুজনাই অসন্তুষ্ট হৈ চাহাবক লগালেগৈ যে দুই ভাই ককায়েকে কিবা মন্ত্রণা কৰিছে।

  1. এই পৰিয়ালৰ লৈ লৈ থৈ থৈ হোৱা কথা শ্রদ্ধাম্পদ হৰিবিলাস আগৰৱালাৰ পৰা শুনা হৈছিল।