কৰিলে আৰু দহ বাৰ জনক দুই তিনি বছৰলৈ বন্দীশালত ভৰালে । এই দৰে অসমীয়া বৰমূৰীয়া চকুগজা লোক সকলক মষীমূৰ কৰি গোটেই জাতিটোক গৰকি ললে। অনেক ভদ্র সন্তানক ধৰি আনি চাহাবৰ হতুৱাই ধম্কি দিয়াই দেৱানৰ বিৰুদ্ধে সাক্ষী দিয়াবলৈ দাৰোগাজনে বৰ চেষ্টা কৰিছিল ; কিন্তু তেওঁলোকে অলপো ভয় নকৰি কলে “সাত পুৰুষ নৰকত পেলাই আমি মিছা কথা কব নোৱাৰোঁ ; হজুৰৰ যি ইচ্ছা তাকে কৰক।” তেতিয়াহে সেই সকলক দুই তিনি বছৰলৈ ফাটৰু দিছে। এনে দিনো আছিল যে অসমীয়া ভদ্র সন্তানে মিছা সাক্ষী দি চাহাব খাটনীয়াৰ নহৈ হাঁহি হাঁহি ফাটকৰ দুখ যন্ত্ৰনা সহিছিল। হায় ! আৰু সেই দিন নাই ।
মীল চাহাবৰ ৰিপৰ্টত দেৱানৰ কথা বৰ বেয়াকৈ লিখিছে। তেওঁক ফাঁচি দিয়াৰ সেই এটা কাৰণ বুলি বও পাৰি। নচেৎ বিদ্ৰোহৰ কোনো লক্ষণ দেখা নগৈছিল।
Mrs. A. K. Gurney এ তেওঁৰ Fifty years ' mission work in Assam ত লেখিছে :— যেতিয়া আচামী লোকে সুবিচাৰৰ প্ৰাৰ্থনা কৰে তেতিয়া কাপ্তান