সমললৈ যাওক

পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ইন্দীবৰ বৰুৱা ।
১৫
 

চাহাবক দেখুৱাই নানা তৰহৰ কথা লগাবলৈ ধৰিলে।এই জনা চাহাব দেৱানৰ ওপৰত নাৰাজ আছিল। কাৰণ তেওঁ হলৰইড চাহাবৰ অনুমতি নোলোৱাকৈ সদৰৰ মীল চাহাবক দেখা কৰি এখন আবেদন পত্ৰ দিছিল আৰু তেওঁ যেনে স্বাধীনচেতা, গুণী, ওখ খাপৰ মানুহ আছিল তাত চাহাবে বেয়া পোৱাৰে কথা। অইন কি স্বদেশী কোনো কোনো মানুহৰো তেওঁলৈ হিংসা লাগিছিল। এই আবেদন পত্ৰখন ইংৰাজীৰে তৰ্জ্জমা কৰি মীলৰ ৰিপোৰ্টৰ লগত চামিল কৰি দিছে আৰু মীলে তাৰ পৰা দেৱানৰ অনেক গ্লানি-কথাহে প্ৰকাশ কৰিছে।

আলীপুৰ জেলত দেৱান—

 এই চেলু পাই এই জনা চাহাবে দেৱানৰ বিৰুদ্ধে বঙ্গদেশৰ শাসনকৰ্ত্তালৈ লিখি দেৱানক কলিকতাত ধৰাই আলিপুৰ জেলত বন্দী কৰি থোৱাই, পাছে তাৰপৰা যোৰহাটলৈ অনালে। তেতিয়া সেই জনা চাহাবেও ফাঁচি দিব পৰা ক্ষমতা পাইছিল।

 তেওঁ বিচাৰৰ নাম কৰি দেৱানৰ আৰু পিয়ালী বৰুৱাৰ প্ৰাণদণ্ডৰ আজ্ঞা দিলে। আৰু কন্দৰ্পেশ্বৰ সিংহ, দুতিৰাম বৰুৱা আদি দহ বাৰ জন সম্ভ্ৰান্ত লোকক দ্বীপাৰ