সমললৈ যাওক

পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ইন্দীবৰ বৰুৱা।
১১
 

লীয়া ইন্দীবৰক সাৰট মাৰি ধৰিলেহি। তেতিয়াহে সকলো ছাতৰে কথাটোৰ মূল কাৰণ জানিব পাৰিলে।

 আসামত হাইজাত পৰি বা আই ওলাই মৰা মানুহ গাঁৱলীয়া লোকে কেতিয়াবা কেতিয়াবা পুতি থয় ; পাছে সুথিল সময় হলে শটো খানি উলিয়াই খৰি দিয়া নিয়ম আছে। এইটো কি ভয়ানক দস্তুৰ ওপৰৰ দৃষ্টান্তৰ পৰাই ভালকৈ হৃদয়ঙ্গম হব । এতেকে স্বাস্থ্যবিধান মতে এই নিয়ম একেবাৰে উঠাই দিয়া উচিত হৈছে ।

স্কুল এৰাৰ পৰা বিবাহ কৰালৈকে।

 স্কুল উঠি গলত ইন্দীবৰে পঢ়া অভ্যাস এৰা নাছিল। তেওঁ কলিকতাৰ পৰা তত্ত্ববোধিনী পত্রিকা, উচিত বক্তা, সুলভ সমাচাৰ আদি বঙ্গলা কাকত আৰু কিতাপ অনাই পঢ়ি তেওঁৰ কোমল মনক নানা ভাবেৰে পূৰ্ণ কৰিছিল আৰু মাজে সময়ে কাছাৰী ঘৰলৈও অহা যোৱা কৰি চাকৰীৰ আশাও ৰাখিছিল ।

আসামত প্রথম ইংৰাজৰ কাছাৰী—

 সেই দিনত কাছাৰীত আমোলাসকল বহা তক্তাপোছ আৰু তাৰ ওপৰত তুলি পাটি পৰা আছিল। তাৰ ওপৰত ডাঙ্গৰ গাৰুত আউজি বা পেট তললৈ কৰি বা