আশাত বহুত অসমীয়া মানুহে মৈদামবোৰ খানিবলৈ ধৰিছিল। এদিন এজাক অসমীয়া কুলিৰ শ্ৰেণীৰ মানুহে মৈদাম এটা খানোতে তাৰে এটি ততালিকে গাঁতত খহি পৰি মৰিল আৰু দুটিমান অজ্ঞান হৈ পৰি গল; এনে কাণ্ড দেখি বাকী মানুহবোৰ ফিৰিঙতি ওফৰাৰ দৰে যেনিয়ে পায় তেনিয়ে ভাগিল। অজ্ঞান হৈ থকা মানুহ কিটাক পানীদুনি দি যত্ন কৰাত হে জ্ঞান পালে। এই কথা নগৰময় ৰাষ্ট্ৰ হলত স্কুলৰ মাষ্টৰ জনাই ছাতৰবোৰক এনে দুৰ্ঘটনা হোৱাৰ কাৰণ সুধিলে। বহুত ছাতৰে দেশৰ চলিত সংস্কাৰ মতে ধনগুলৈয়ে মাৰিলে বুলি কলে ; কিন্তু ইন্দীবৰে কথা ভাবি মনে মনে থকা দেখি মাষ্টৰে তেওঁক সুধিলে; তেতিয়৷ তেওঁ গহীনাই কবলৈ ধৰিলে ৷ মৈদামত মৰা শ পোতা আছিল৷ সেই শ জহি খহি গৈ জকাটোহে তাত ৰৈছিল। কুলিবোৰে খানি উজাৰি দিয়াত তাৰ ভিতৰত সোমাই থকা বিষাক্ত বায়ু ওলাইছিল। সেই বায়ু যিটো মানুহে পোনতে উশাহ ললে সিয়েই মৰিল আৰু ওচৰৰ কিটাই অলপ চাট পোৱা বাবে উশাহ বিৰুধ হৈ পৰি গৈছিল। যত্ন নকৰা হ'লে সিহঁতো মৰিল হেতেন। এনে যুক্তিসঙ্গত উত্তৰ শুনি মাষ্টৰ জনে বৰ সন্তোষ পাই লৰালৰিকৈ মাচিয়াৰ পৰা উঠি আহি চেঙে-
পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/১৭
অৱয়ব