সমললৈ যাওক

পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ইন্দীবৰ বৰুৱা।
 

বাবে বহুতৰ মুখত "স্কুলে নিস্কুলং ভবেৎ” কথা যাৰ শুনিবলৈ পোৱা গৈছিল। এই কুসংস্কাৰৰ বশবৰ্ত্তী হৈ কোনো ভদ্রলোকে স্কুললৈ লৰা নপঠাইছিল । মাষ্টৰ জনে ঘৰে ঘৰে গৈ নানা প্ৰকাৰে বৰাই বুজাই ও গৃহস্থ সকলৰ মন ঘূৰাব নোৱাৰিছিল। এনেতে ক্ষীণকায় অথচ ডাঠ মনৰ ইন্দীবৰে পোনতে স্কুললৈ গৈ বাট দেখুৱাই দিয়াতহে আন আন ভদ্র সন্তান পঢ়িবলৈ গৈছিল ।

 মাষ্টৰ জনৰ সৌজন্য, সচ্চৰিত্ৰ আৰু সুশিক্ষাৰ গুণত লাহে লাহে স্কুলঘৰ ছাতৰেৰে ভৰপুৰ হ'ল । তেতিয়া তেওঁ চোকা লৰা চাই “মণিটৰ” পাতি স্কুলৰ কাৰ্য্য সুকলমে চলাবলৈ ধৰিলে। কিন্তু অতি দুখেৰে কব লগা হ'ল যে এই স্কুল মাথোন দুবছৰ চলি বন্ধ হ'ল । এই দুবছৰতে চেঙেলীয়া ইন্দীবৰে যি ফেৰা ইংৰাজী শিকিলে তেওঁৰ ইংৰাজী আখৰেই চিনাকী দিয়ে। শিক্ষক আৰু ছাতৰৰ মাজত কেনে সদ্ভাৱ আছিল তাৰে দৃষ্টান্ত এটা দিয়া যক!—

 শিবসাগৰ নগৰৰ ভিতৰত সেই সময়ত আগৰদিনীয়া বহুত মৈদাম আছিল। সেই মৈদাম বোৰত সম্ভ্রান্ত আহোম ডাঙ্গৰীয়া সকলৰ শবোৰ অনেক ধন সোণ লগত দি পোতা দস্তুৰ আছিল । এইবোৰ ধন বস্তু উলিয়াই লবৰ