ইন্দীবৰক লৈ ৰাজ চৰাত ৰজাক সাক্ষাৎ কৰে গৈ। ৰজাই সৰু লৰাটি দেখি হাঁহি সুধিলে “হেৰ নাম্তিয়াল ! তই কি জান ?” “মই এন্ধাৰ কৰিব পাৰোঁ” । ৰজাই, বাৰু, কৰচোন বোলাত, ইন্দীবৰে ঘপ কৰে চকু দুটা মুদিলে । ৰজাই, হেৰ চকু মেল, হেৰ চকু মেল, মই একো দেখা নাই, কৰবাত খুন্দা খাই পৰিম ইত্যাদি ধেমেলীয়া কথা কৈ সুধিলে, বাৰু, তোক কি লাগে ? তেতিয়া পিতাকে বাটত শিকাই অনা মতে কলে, মোক টাঙ্গনি লাগে। ৰজাই বুজ কৰি তেজপুৰৰ এলেকাৰ, গহপুৰ, কলংপুৰ, গমিৰী, ৰাংচালী এই চাইটা টাঙ্গনি দিবলৈ হুকুম জাৰি কৰিলে । সেই কিটা টাঙ্গনিৰ পৰা বছৰি ভাৰ ভেটী মুগা সূতা আদি ৰায়ত বোৰে লৈ আহি এওঁৰ ঘৰত শোধাই আছিল । এই কাৰণত লাগি তেওঁ সময় মতে সেই ফালে যাব লগা হৈছিল আৰু সেই ফালৰ খ্যাতনামা হৰিবিলাস আগৰৱালাৰ পৰিবাৰ বৰ্গক ভালকৈ জানিছিল । টাঙ্গনি বোৰেই শেহত মৌজা নাম পাইছে ।
পঢ়া কাল।
ইন্দীবৰক পোনতে অধ্যাপক উৰ্ব্বীধৰ শিৱসাগৰীয়া বৰুৱাৰ টোলত পঢ়িবলৈ পঠাইছিল। তাত তেওঁৰ