সমললৈ যাওক

পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ইন্দীবৰ বৰুৱা।
 

ইন্দীবৰক লৈ ৰাজ চৰাত ৰজাক সাক্ষাৎ কৰে গৈ। ৰজাই সৰু লৰাটি দেখি হাঁহি সুধিলে “হেৰ নাম্‌তিয়াল! তই কি জান?” “মই এন্ধাৰ কৰিব পাৰোঁ” । ৰজাই, বাৰু, কৰচোন বোলাত, ইন্দীবৰে ঘপ কৰে চকু দুটা মুদিলে। ৰজাই, হেৰ চকু মেল, হেৰ চকু মেল, ম‍ই একো দেখা নাই, কৰবাত খুন্দা খাই পৰিম ইত্যাদি ধেমেলীয়া কথা কৈ সুধিলে, বাৰু, তোক কি লাগে ? তেতিয়া পিতাকে বাটত শিকাই অনা মতে কলে, মোক টাঙ্গনি লাগে। ৰজাই বুজ কৰি তেজপুৰৰ এলেকাৰ, গহপুৰ, কলংপুৰ, গমিৰী, ৰাংচালী এই চাইটা টাঙ্গনি দিবলৈ হুকুম জাৰি কৰিলে। সেই কিটা টাঙ্গনিৰ পৰা বছৰি ভাৰ ভেটী মুগা সূতা আদি ৰায়ত বোৰে লৈ আহি এওঁৰ ঘৰত শোধাই আছিল। এই কাৰণত লাগি তেওঁ সময় মতে সেই ফালে যাব লগা হৈছিল আৰু সেই ফালৰ খ্যাতনামা হৰিবিলাস আগৰৱালাৰ পৰিবাৰ বৰ্গক ভালকৈ জানিছিল। টাঙ্গনি বোৰেই শেহত মৌজা নাম পাইছে।


পঢ়া কাল।

 ইন্দীবৰক পোনতে অধ্যাপক উৰ্ব্বীধৰ শিৱসাগৰীয়া বৰুৱাৰ টোলত পঢ়িবলৈ পঠাইছিল। তাত তেওঁৰ