ঘৰলৈ গুচি আহে ; আৰু ঘৰৰ সকলোকে তুলি নি মহুৰামুখৰ নিজ গুৰুস্থানত থলে গৈ। ইয়াত ভকত সকলৰ সহায়ত কিছু দিন থাকোঁতেই দেশত মহা আকাল উপস্থিত। চাউল কঠাত ৰূপ টকা হল ।
আকলুৱা মানুহে ধান থকা মানুহৰ ভঁৰাল ভাঙি ধান নিবলৈ ধৰিলে । চাৰিফালে দেশত হাঁহাকাৰ লাগিল । এনে দুৰ্য্যোগৰ সময়ত উঠি অহা কৃষ্ণানন্দই অলপো অস্থিৰ নহৈ, পৰিয়ালৰ সকলোটিকে গুৰুক গতাই একে চাটে সাকোমথা পালেগৈ। সেই কালে আকাল হোৱা নাছিল। তেওঁ তাৰ কমাৰ গাৱঁত আশ্রয় লৈ কমাৰৰ লৰাবোৰ পঢ়ুৱাবলৈ ধৰিলে ৷ এই হেঁপাহতে কমাৰহঁতে তোলাতুলিকৈ তেওঁক দুশ পুৰা ধান দিলে আৰু সিহঁতেই নাৱেৰে আনি মহুৰামুখত দি গলহি । পঢ়া- শালী পতা শুনি ওচৰ গাঁৱৰ লৰালুৰিও আহিবলৈ ধৰিলে আৰু সেই গঞাহঁতেও সেই দৰে ধান দি যোৱাত আকা লৰ দিন কিটা কোনোমতে গল। কমাৰ গাঁৱত ভাল ভাল দাব আৰু নলীয়া কটাৰী পোৱা যায় । চেগ চাই তাৰে কুৰি ডেৰ কুৰি টকাৰ কটাৰী মোলাই লৈ ছাত্ৰ লৰা এটাৰ হাতত দি তেওঁ যোৰহাটলৈ আহে আৰু তাতে কটাৰীখিনি বেচি মূলটো কমাৰহঁতলৈ ৰাখি লাভৰ টকাৰে