পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰমেতি বাই


সকলো কথা জনালে। ৰজাই চাৰিওফালে কৰমেতি বাইক বিচাৰিবলৈ মানুহ পঠিয়ালে। কৰমেতি বাইয়ে এখন পথাৰৰ ভিতৰেদি যাঁওতে পাছত বহুত মানুহৰ কথা শুনি বুজিলে যে তেঁওকেই অনুসৰণ কৰি মানুহবোৰ আহিছে। তেওঁ কি কৰিব বুজিব নোৱাৰি জীৱটো হাতত লৈ লৰিবলৈ ধৰিলে। অলপ দূৰৈতে এটা মৰা দুৰ্গন্ধময় উট্‌ পৰি থকা তেওঁ দেখিলে। তাৰ ভিতৰৰ হাড় মঙ্গহ শিয়াল কুকুৰে শেষ কৰিছিল। কেৱল দুৰ্গন্ধময় ছালখন পৰি আছে,তাৰ ওচৰলৈ মানুহৰ যোৱা অসাধ্য। কৰমেতি বাইয়ে গোন্ধ বা ঘিণলৈ দৃকপাৎ নকৰি শৱটোৰ ভিতৰত সোমাই লুকাই থাকিল। ৰজাৰ মানুহে তেওঁক বিচাৰি নাপাঁই দুৰ্গন্ধত অস্থিৰ হৈ সেই ঠাইৰ পৰা গুচি গল। তেতিয়া কৰমেতি ওলাই আহি আকৌ বৃন্দাবনৰ ফাললৈ যাত্ৰা কৰিলে। বাটত অনাহাৰ অনিদ্ৰা পথকষ্ট সকলোকে তেও অগ্ৰাহ্য কৰি মানুহক সুধি সুধি খোজ কাঢ়ি গৈ অৱশেষত বৃন্দাবন পালে গৈ। তেওঁৰ বহুত দিনৰ মনৰ অভিলায হৰিয়ে পূৰ্ণ কৰিলে। বৃন্দাবনত নাম জপ কৰি আৰু হৰি সঙ্কীৰ্ত্তন কৰি শ্ৰীকৃষ্ণৰ ধ্যানত মগন

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৪১