পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আৰ্হি তিৰুতা৷


যদিচ সি সুখৰ নহল। পিত্ৰালয়ত তেঁও দেবাৰ্চ্চনা আৰু হৰিনাম কৰি দিন কটাইছিল। কৰমেতিয়ে স্বামীৰ ঘৰলৈ গৈ দেখিলে যাক জীৱনৰ সঙ্গী কৰি পিতাকে দিলে তেঁও মহা বিষয়ী মানুহ। কৰমেতিৰ ধৰ্ম্মানুষ্ঠানবিলাকে তেঁওৰ স্বামীক বিৰক্ত ওপজালে। ঘৰত অশান্তি হল। দুইৰো মনোমালিন্য হল। যেতিয়া প্ৰতি ধৰ্ম্মকামত কৰমেতি বাইয়ে স্বামীৰ পৰা বাধা পাবলৈ ধৰিলে আৰু এনে সাংসাৰিক জীৱন তেওঁৰ অসহনীয় হল তেতিয়া স্বামীৰ সংসৰ্গ এৰি এক পৰমপিতা প্ৰভুক সোৱামীৰূপে বৰণ কৰি স্বামীৰ গৃহ এৰি পলায়ন বিনা গতি নাই বুজি তাকে স্থিৰ কৰি তেওঁ বৃন্দাবনলৈ যোয়াই স্থিৰ কৰিলে। গভীৰ ৰাতি শুবৰ ঘৰৰ পৰা তেওঁ বাহিৰলৈ আহিল। ঘৰৰ সকলো দুৱাৰ বন্ধ পলাবৰ বাট নাই, একো উপায় নেপাই ওপৰ তলাৰ পৰা তলৰ বাটলৈ তেওঁ জপিয়াই পৰিল। ধৰ্ম্মৰ ওচৰত মৃত্যুও তুচ্ছ। তেওঁ বৃন্দাবনৰ বাটো নিচিনে, কিন্তু উৰ্দ্ধশ্বাসে লৰিবলৈ ধৰিলে।

 ৰাতিপুৱা পৰশুৰামে যেতিয়া শুনিলে কৰমেতি বাই ঘৰত নাই অতিশয় ব্যাকুল হৈ ৰজাৰ আগত

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৪০