পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আৰ্হি তিৰুতা।


ঘাম গ্ৰাহ্য নকৰি জীবন বিপন্ন কৰে সেই সকলৰ সু স্বাস্থ্য দেখা যে উচিৎ এইটো আগৰ দিনৰ মানুহে সিমান মুবুজিছিল। চিকিৎসা আৰু সুশ্ৰূষাৰ অভাবত কিমান মানুহে প্ৰাণ দিছিল, ইংৰাছ, গভৰ্ণমেণ্টে সেই সময়ত এইটো বুজিলে। ক্ৰিমিয়া যুদ্ধৰ আহত বিলাকক সুশ্ৰুষা কৰিবৰ নিমিত্তে নানাৰকমৰ বন্ধবস্ত কৰা হল। পঁচা তুলি দেশৰ বহুতো মহৎ মানুহে সাহায্য কৰি এদল মানুহক সেবাৰ নিমিত্তে পাঠোৱাৰ বন্ধবস্ত হল। বিবি ফ্লোৰেন্সে নিজে যাবৰ নিমিত্তে গভৰ্ণমেণ্টলৈ আবেদন কৰি পঠালে। গভৰ্ণমেণ্টে অতি সাদৰেৰে তেঁওঁক প্ৰধান সুশ্ৰূষাকাৰিণীৰ পদত অভিষেক কৰি পঠালে। উদাৰমনা ফ্লোৰেন্সৰ জীবনৰ এইটোৱেই প্ৰধান কাম। আহত সৈন্যবিলা- কক যত আনি পেলোৱা হৈছিল তাত একো বন্ধবস্ত নাছিল, কুকুৰ মেকুৰীৰ নিছিন৷ আনি পেলাই নিশ্চিন্ত হৈছিল, ফ্লোৰেন্স তাৰ ভাল বন্ধবস্ত কৰি দিলে নিজৰ হাতেৰে ময়লা প্ৰভৃতি ছিকন কৰি স্নেহময়ী মাতৃৰ নিচিনা সিহঁতৰ সকলো ভাৰ নি দিন নাই ৰাতি নাই অবিশ্ৰান্ত সেবাত মন দিলে। তেঁওৰ স্নেহ আৰু যত্নত বহুত মানুহৰ প্ৰাণ ৰক্ষা পালে। ডেৰবছৰ

(অসম্পূৰ্ণ)

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ১০৩