পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰ্হি তিৰুতা৷


কৰমেতি বাই।

 ভাৰতবৰ্ষৰ দক্ষিণ প্ৰদেশত খাজল নামে এখন গাঁও আছে। সেই গাঁওৰ পৰশুৰাম নামেৰে এজন পণ্ডিত ৰজাৰ পুৰোহিত আছিল। তেওঁ বৈষ্ণব ধৰ্ম্মাবলম্বী আৰু ধাৰ্ম্মিক পুৰুষ আছিল। কৰমেতি বাই এই পণ্ডিতৰে জীয়াৰী। সৰুৰে পৰা ছোৱালীটীক ধৰ্ম্মত বৈষ্ণবী আৰু জ্ঞানত বিদ্যাবতী কৰি তুলিবৰ তেওঁৰ যতন আছিল। শাস্ত্ৰ আৰু বৈষ্ণব কিতাপবোৰ পঢ়িব পাৰিব বুলি কৰমেতিক তেওঁ নিয়মমতে পঢ়ুৱাইছিল। অলপ বয়সতে কৰমেতি ধাৰ্ম্মিকা আৰু বিদ্যাবতী হৈ উঠিল। কৰমেতি-বাইৰ ধৰ্ম্মই সহায় আছিল; ধৰ্ম্মই জীবনৰ সুখ আৰু সম্বল ভাবি বিয়া কৰায় সংসাৰী হবৰ ইচ্ছা নাছিল। কিন্তু পিতাৰ আদেশত তেঁওৰ সংসাৰত সোমাব লগীয়াত পৰিছিল

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৩৯