পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আৰ্হি তিৰুতা।


 ইটালীৰ ফ্লোৰেন্স নগৰত এওঁৰ জনম হয়। এওঁৰ পিতাক সম্ভ্ৰান্তবংশৰ আৰু ধনী মানুহ আছিল। সৰুতে তেঁও পিতাকৰ লগত নানা দেশ ফুৰি ফুৰি- ছিল, সেই সকলো ঠাইৰ জেইল, আচপাতাল, দৰিদ্ৰাশ্ৰম প্ৰভৃতি ঠাইলৈ গৈছিল আৰু নিজৰ সাধ্য অনুসাৰে সকলোকে সাহায্য কৰিছিল। এই সময়ত তেঁওৰ মনত খেলালে যে শিক্ষিতা তিৰুতাই সুশ্ৰূষাৰ ভাৰ লোৱা উচিৎ; মাকৰ সেৱাতেহে বহুতো সন্তানে আৰোগ্য লাভ কৰে। তেঁও সেই বাৎসল্য ভাবেৰে আচপাতালৰ ৰোগী বিলাকক সেবা সুশ্ৰূষা কৰিবৰ নিমিত্তে সঙ্কল্প স্থিৰ কৰিলে। সেই সময়ত জৰ্ম্মণীত তিৰুতা সকলক সুশ্ৰষাৰ ( Nurse ) কাম শিকোৱা হৈছিল। তাত প্ৰায় ধৰ্ম্মপ্ৰচাৰিকা (Nun ) সকলেই শিখিছিল। ছাব্বিশ বছৰ বয়সৰ সময়ত ফ্লোৰেন্স এই স্কুলত সোমাল। স্কুলত শিকা কাম শেষ হলত তেঁও ঘৰলৈ উভতি আহি কিছুদিন বিশ্ৰাম কৰে। তেঁওৰ স্বাস্থ্য তেনে ভাল নাছিল। মনৰ উৎসাহ কিন্তু অদম্য। অলপ দিনৰ পাছতে তেঁও নিজৰ কাম বিচাৰি উলিয়ালে। লণ্ডনৰ এডোখৰ

ঠাইৰ স্বাস্থ্যনিবাস, উপযুক্ত মানুহৰ অভাবত অতি

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ১০১