জীবনক উৎসৰ্গ কৰিছিল। সংসাৰত দেখা যায়
ধনীএ দুখীয়াৰ দুখ নুবুজে আৰু নেদেখে আৰু
যদিবা কোনো উপকাৰ কৰে তাচ্ছিল্যৰ ভাবেৰে
কৰে, মনৰ ভিতৰৰ পৰা নকৰে। ফ্লোৰেন্স
ধনীৰ জীয়াৰী, সমাজত মাননীয়া ৰূপগুণত ভূষিতা,
তেওঁ দুখীয়া কঙ্গালক সেৱা কৰিছিল। তেঁওৰ সেৱা
শ্ৰদ্ধা ভক্তি আৰু মৰমৰ আছিল— তাচ্ছিল্যৰ দান
নাছিল। তেঁও হাচপাতালত ৰোগীৰ সুশ্ৰুষাৰ
কামকে জীৱনৰ উদ্দেশ্য কৰি লৈছিল। তেঁওৰ
আগেয়ে ভদ্ৰগৃহস্থ ঘৰৰ ছোৱালীয়ে এই কাম নকৰি-
ছিল, শিক্ষিতা ভাল মানুহৰ জীয়াৰীৰ এই কাম
কৰা অনুচিত বুলিয়েই জানিছিল। কেবল সংসাৰ-
ত্যাগী সন্ন্যাসিনী ( Nun) ও ধৰ্ম্মপ্ৰচাৰিকাৰ ভিতৰ-
তহে এই কাম আবদ্ধ আছিল। চিৰপ্ৰচলিত নিয়ম
ভাঙ্গি ফ্লোৰেন্স যে নিজৰ জীবনক সুশ্ৰূষাকাৰিণীৰ
কামত দীক্ষিত কৰিছিল তাতে তেঁওৰ মনৰ বলৰ
পৰিচয় যথেষ্ট পোৱা যায়। ধন, মান, সমাজ গৌৰব
একোৱে তেঁওক মহৎ উদ্দেশ্যৰ পৰা বিচলিত কৰিব
পৰা নাছিল। তেঁওৰ দৃষ্টান্ত দেখি পাছত বহুত
ইংৰাজ মহিল৷ই তেঁওৰ অনুসৰণ কৰিছে।