পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬০
আৰ্হি তিৰুতা।


কৰিলা কি?” শচীদেবীয়ে অচঞ্চল ভাৱে আৰু এবাৰ কলে “মোৰ সন্তানৰ মই ধৰ্ম্ম নষ্ট নকৰোঁ, প্ৰভুৰ চৰণত অৰ্পণ কৰিলোঁ।” শচীদেবীয়ে নিমাইক এই আৰ্দেশ দি আৰু বেশীপৰ বহিব নোৱাৰিলে “নিমাই” “নিমাই” বুলি মাটীত অচৈতন্য হই পৰি গল।

 ভগবানে সেই বিশ্বৰূপিনী শচী মাইক কোলাত তুলি ললে। এনে ধৰ্ম্মভাব আৰু স্বাৰ্থত্যাগ জগতত দেখা নাযায়৷ এই মহিলা পৃথিবীত চিৰস্মৰণীয় হৈ থাকিব।

ফ্লোৰেন্স নাইটীঙ্গেল।

 অইনৰ নিমিত্তে যাৰ মন কান্দে, দুখীৰ চকুৰ পাণী দেখিলে যাৰ চকুত এটোপা পাণী ওলায় সেই জনেই ধন্য। জীবনৰ চৰম সাৰ্থকতা অইনৰ সেৱা কৰা। ঈশ্বৰ সেবাত আৰু মানুহৰ সেবাতে মানুহ সাধু হয়। এই ইংৰাজী তিৰুতা ফ্লোৰেন্স নাই- টীঙ্গেলও মানুহৰ দুখ দূৰ, ৰোগীৰ সুশ্ৰষা ৰোগীৰ

যন্ত্ৰণাত যিমান দূৰ সাধ্য সাহায্য কৰিবৰ নিমিত্তে নিজৰ

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৯৮