পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
শচী আই।

সহস্ৰ সহস্ৰ মানুহ শান্তিপুৰলৈ যাবলৈ ধৰিলে। সকলোৰে ইচ্ছা যে নিমাই দেশতে থাকি ধৰ্ম্ম প্ৰচাৰ কৰে আৰু সকলোৱে তাকে অনুৰোধও কৰিলে। শচীদেবীয়ে বহুতদিনৰ মূৰত নিমাইক দেখি বৰ আনন্দ পালে, নিজৰ হাতেৰে ৰান্ধি বাঢ়ি খুৱালে। শচীদেবীৰো ইচ্ছা যে নিমাইয়ে ঘৰতে থাকি ধৰ্ম্ম প্ৰচাৰ কৰে। যেতিয়া সকলোৱে নিমাইক দেশত থাকিবৰ নিমিত্তে অনুৰোধ কৰিবলৈ ধৰিলে নিমাইয়ে মাকৰ কাতৰ আৰু দুৰ্ব্বল অবস্থা দেখি আগপিছ নেভাবি কলে “মাইৰ অনুমতি বিনা কলৈকো নাযাঁও”। নিমাইৰ ভক্তসকলে শচীক “মাই,এবাৰ থাকিবলৈ কোয়াঁ” বুলি অনুৰোধ কৰিবলৈ ধৰিলে। শচীদেবীয়ে এটী দীৰ্ঘনিশ্বাস পেলাই লাহে লাহে কলে “মোৰ সন্তানৰ মই ধৰ্ম্ম নষ্ট কৰিব নোৱাৰোঁ” তেঁও যেতিয়া ভগবানৰ কামত জীবন অৰ্পণ কৰিছে তাকে কৰি, জীবন ধন্য কৰোক মই মাঝে মাঝে দেখা পালেই মোক সাৰ্থক মনত কৰিম”। শচীদেবীৰ মুখত এক অপূৰ্ব্ব জ্যোতি দেখা গল। ভক্ত সকলে আচৰিত হৈ কলে “মাই কৰিলা কি, তোমাৰ কথা যে প্ৰভুৰ বেদবাক্য!

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা। ৯৭