বাতৰি কব, কিন্তু সতীৰ প্ৰেমৰ কথা ৰজাই এবাৰ
ভাবি নেদেখিলে এই বাতৰি নগা পৰ্ব্বতলৈকো গল;
গদাপাণিয়ে শুনি অস্থিৰ হৈ, ছদ্মবেশ ধৰি লৰা ৰজাৰ
ৰাইজলৈ আহিল। দূৰৈৰ পৰা থিয় দি কুঁৱৰীৰ যন্ত্ৰণা
দেখি অধীৰ হৈ কলে “তুই গিৰিয়াৰাৰ সন্ধান কৈ
নিস্তাৰ নোহোৱা কিয়?” ৰাণীয়ে তেতিয়া ভগ-
বানৰ নাম আৰু স্বামীৰ নাম ধ্যান কৰি নীৰবে
বেতৰ মাৰ খাইছে, কথা কাণলৈ নগল। দুবাৰৰ
পাছত কুঁৱৰীৰ কাণলৈ কথা বিলাক সোমাল, গদা-
পাণিক চিনিলে। যাৰ নিমিত্তে এই অসহনীয় যন্ত্ৰণাও
একো যাতনা বোধ নকৰি তেওঁ অকাতৰে সহিছে
সেই গদাপাণিক দেখি অধীৰা হৈ পৰিল, যাৰ
নিমিত্তে ইমান লাঞ্ছনা, যন্ত্ৰণা সহিছে, তেঁও নিজে
আহি ধৰা দিবহি এই ভাবি ব্যাকুলহৈ কলে “মানুহ,
তুমি কিয় মোক বিৰক্ত কৰিছা, তুমি তোমাৰ ঘৰলৈ
যোয়া, সতী তিৰুতাই স্বামীৰ নিমিত্তে সকলো সহ্য
কৰিব পাৰে, স্বামীৰ মঙ্গলাৰ্থে আবশ্যক হলে প্ৰাণও
দিব পাৰে, মোৰ দ্বাৰাই কোনেও মোৰ স্বামীৰ বাতৰি
নাপায়, তুমি মোক বিৰক্ত নকৰিবা।” কাতৰ চকুৰে
গদাপাণিৰ ফাললৈ চাঁই অনুনয় কৰি এই কথাবিলাক