পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
এলিজাবেথ ফ্ৰাই।


সান্ত্বনা দিছিল। Work-house ( যত দুখীয়া ও এলেহুবা মানুহ বিলাকক নানা কামত সুমুয়া হয় ) প্ৰভৃতি নানা ঠাইলৈ গৈ দুখীয়া মানুহক নানাভাবে সাহায্য কৰিছিল। সেই সময়তে তেঁওৰ পৰিশ্ৰমৰ সাৰ্থকতা দেখা গৈছিল। কয়েদী বিলাকৰ স্বভাৱত উন্নতি দেখা গৈছিল এনে যে দ্বীপান্তৰিত কয়েদীকো তেঁওৰ স্মৃতি মনত কৰি বাইবেল পঢ়া দেখা গৈছিল। যতে পৰৰ দুখ অলপমানো তেঁও লাঘব কৰিব পাৰে তালৈকে তেঁও গৈ ক্ষমতানুসাৰে দুখ দূৰ কৰিবৰ চেষ্টা কৰিছিল। তেঁও মানুহৰ প্ৰশংসাৰ নিমিত্তে বাট নাচাইছিল, অনুতাপ কৰি যি এটোপা চকুৰ পাণী পেলাইছিল সেইটোকে তেঁও তেঁওৰ পুৰস্কাৰ মনত কৰিছিল। তেঁও যে তেঁওৰ নিজৰ ঘৰৰ কামৰ বা স্বামী পুত্ৰ হঁতক অৱহেলা কৰিছিল এইটো নহয়। এঘাৰটী সন্তানক পালন কৰি, সিহঁতৰ খোৱা আৰু শিক্ষাৰ বন্ধবস্ত কৰি, ঘৰৰ ঘৈণীৰ কাম পালন কৰিও তেঁও এনেকৈ কামত জীৱন উৎসৰ্গ কৰিছিল। দুৰ্ব্বল শৰীৰে আৰু ইমান পৰিশ্ৰম সহিব নোৱাৰিলে। শৰীৰ লাহে লাহে ভাঙ্গি পৰিল পয়ষষ্ঠী বছৰ বয়সৰ সময় সকলোকে এৰি এলিজাবেথ ফ্ৰাই

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৮৫