সমললৈ যাওক

পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
আৰ্হি তিৰুতা


বটেনি বে (Botany bay) নামেৰে ঠাইলৈ পঠোয়া হৈছিল। কেমাহমানৰ অন্তৰত জাহাজত কয়েদী বোজাই কৰি লৈ যোৱা হৈছিল, যি কেইদিন বন্দৰত জাহাজ বন্ধা থাকিছিল এলিজাবেথে জাহাজলৈ গৈ কয়েদী বিলাকৰ অবস্থা দেখিছিল সিহঁতক সহানুভূতি কৰিছিল, লগত বহুৱাই প্ৰাৰ্থনা কৰিছিল, বাইবেল পঢ়ি শুনাইছিল, ভাল ভাল উপদেশ দিছিল, ভবিষ্যতৎ পঢ়িবৰ নিমিত্তে সুন্দৰ সুন্দৰ কিতাপ আৰু বাইবেল দিছিল। আত্মীয় স্বজন এৰি যোৱা সেই দ্বীপান্তৰিত ঠাইতো সিহঁতে যাতে ভালে থাকে তাকে শিকাইছিল আৰু নিজৰ দোষ ভগৱানৰ ওছৰত জনাই অনুতাপ আৰু প্ৰাৰ্থনা কৰিবলৈ উপদেশ দিছিল।

 ইমানবিলাক কাম কৰিও তেওঁ যিখিনি সময় অৱসৰ পাইছিল সীয়াৰ কাম কৰি বেচি সেই পয়চা কয়েদীহঁতৰ কল্যাণৰ নিমিত্তে খৰচ কৰিছিল। যেতিয়া সকলোৱে তেওঁৰ কামৰ মহত্ত্ব আৰু প্ৰয়োজন বুজিলে চাৰিওফালৰ পৰা বহুতে তেওঁক টকা পয়চা দি সাহায্য কৰিব ধৰিলে। পাগলা গাৰদ বিলাকৰ ভিতৰলৈ গৈ পাগল বিলাককে তেঁও

আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৮৪